Top
Samskrita Bharati - North Assam
संस्कृतभारती - उत्तर-असम
Latest Media & News
Preview Media & News

अखण्ड-रामायण-पारायण-कार्यक्रम्ः
সংস্কৃত ভাৰতীৰ দ্বাৰা অখণ্ড ৰামায়ণ পাঠ ।

অনাগত ২২ জানুৱাৰী ২০২৪ তাৰিখে অযোধ্যাৰ ৰামমন্দিৰৰ ভগৱান ৰামৰ প্ৰতিমূৰ্তিত হব লগা প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি সংস্কৃত ভাৰতী উত্তৰ অসম প্ৰান্তৰ ফালৰ পৰা এক অখণ্ড ৰামায়ণ পাঠৰ কাৰ্যসূচী লোৱা হৈছে। ২১ জানুৱাৰী ২০২৪ তাৰিখে দিনৰ ১২:০০বজাৰ পৰা আৰম্ভ হবলগীয়া এই অখণ্ড ৰামায়ণ পাঠ কাৰ্যসূচী ২২ জানুৱাৰী, ২০২৪ৰ দুপৰীয়া ১২ বজালৈ অৰ্থাৎ অযোধ্যাৰ ৰাম মন্দিৰত ভগৱান শ্ৰীৰামৰ প্ৰতিমূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা হোৱালৈ নিৰন্তৰ চলি থাকিব। বাল্মীকি বিৰচিত মূল ৰামায়ণৰ পাঠেৰে সংস্কৃত ভাৰতীৰ কাৰ্যকৰ্তাসকলে মেঘালয়, অৰুণাচল আদিকে ধৰি অসমৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ এই অখণ্ড পাঠৰ কাৰ্যক্ৰম চলাই থাকিব। কাৰ্যক্ৰম সুচাৰুৰূপে চলাই নিবলৈ গুগল মিটৰ দ্বাৰা সমগ্ৰ কাৰ্যক্ৰমৰ পোনপতীয়া সম্প্ৰচাৰৰো ব্যৱস্থা কৰা হব। উক্ত কাৰ্যক্ৰমৰ সময়ত
২৪ গৰাকী পাঠক আৰু ১২ গৰাকী নিয়ন্ত্ৰকেৰে সৈতে দিনে নিশাই এই কাৰ্যক্ৰ ব্যৱস্থিত কৰি তোলা হব। এই কাৰ্যক্ৰত সমগ্ৰ প্ৰান্তৰ প্ৰায় ২০০০তকৈ অধিক কাৰ্যকৰ্তাই অংশগ্ৰহণ কৰিব। স্মৰ্তব্য যে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব বিদগ্ধ সংস্কৃত পণ্ডিত তথা মহেন্দ্ৰ কণ্ডলী বঁটাপ্ৰাপক শ্ৰীমান তুলসীচৰণ উপাধ্যায়দেৱে।

संस्कृत-भारती-द्वारा अखण्ड-रामायण-पाठः।

संस्कृतभारती उत्तर असम प्रान्तपक्षतः २२ जनवरी-दिनाङ्के अयोध्यानगरे राममन्दिरे भगवतः रामस्य प्रतिमूर्तेः प्राणप्रतिष्ठा-कार्यक्रमेण सह सङ्गतिं संस्थाप्य अखण्ड-रामायणपाठकार्यक्रमस्य आयोजनं कुर्वती अस्ति । कार्यक्रमः २०२४ जनवरी २१ दिनाङ्के मध्याह्ने ११:३० वादने आरभ्यं भूत्वा २०२४ जनवरी २२ दिनाङ्के दिवा १२:०० वादनपर्यन्तं भविष्यति । यावत् पर्यन्तम् अयोध्यानगरस्य राममन्दिरे भगवतः रामस्य मूर्तेः प्राणप्रतिष्ठां न भविष्यति तावतप्रयन्तं मेघालय, अरुणाचलप्रदेशादिभिः सह असमस्य विभिन्नेभ्यः जनपदेभ्यः संस्कृतभारत्याः कार्यकर्तारः निरन्तरं बाल्मीकिविरचितस्य मूलरामायणस्य पाठं करिष्यन्ति। कार्यक्रमस्य अस्य शुचारूतया संचालनं सुनिश्चित्य सम्पूर्णं आयोजनं गूगल मीट् मार्गेण अपि साक्षात् प्रसारितं भविष्यति। कार्यक्रमे अस्मिन् २४ पाठकैः तथा १२ संचालकैः सह दिवारात्रौ संचालितं भविष्यति। अस्मिन् कार्यक्रमे सम्पूर्णप्रान्तस्य प्रायः द्विसहस्राधिकाः कार्यकर्तारः भागग्रहणं करिष्यन्ति। कार्यक्रमस्य उद्घाटनं विद्वान् संस्कृतविद्वान् महेन्द्रकण्डलीपुरस्कारप्राप्तः श्री तुलसीचरण उपाध्यायः करिष्यति।.


  • Post By : North Assam
  • |
  • 20-01-2024
  • |